*বাটাৰ্ চিকেন্(butter chicken)*

এইবিধ ৰেচিপি খাবলৈ যথেষ্ট সুস্বাদু।
উপকৰণৰ ভিতৰত আমাক লাগিব:

•চিকেন্ (boneless)
•আদা নহৰুৰ বনাই লোৱা পেষ্ট
•জলকীয়াৰ গুৰি
•নিমখ
•তেল

গ্ৰেভীৰ বাবে আমাক লাগিব~
•বিলাহী
•পিয়াজ
•কাজু
•কচুৰি মিঠি(kasoori methi)
•গৰম মছলা
•চেনি
•মাখন (butter)
•ক্ৰীম (cream)

প্ৰস্তুত প্ৰণালী~

Boneless চিকেন্ খিনি সৰু সৰু চাইজত ল'ব। প্ৰায় পোন্ধৰ মিনিটমানলৈ চিকেন্ খিনি আদা নহৰুৰ পেষ্ট আৰু নিমখ অলপ সানি মেৰিনেট্ কৰি থ'ব। তাৰপাছত চিকেন্ খিনি অলপ তেলত ফ্ৰাই কৰি কাঢ়ি থ'ব।

 পিয়াজ আৰু বিলাহী সৰু সৰুকৈ কাটি ল'ব। একেখন কেৰাহীতে থাকি যোৱা তেলখিনিতে কাটি লোৱা পিয়াজ খিনি দি দিব,লগত এক চামুচ মাখন,অলপ ভাজি তাত বিলাহী আৰু কাজুখিনি দি দিব লগতে সিজিবলৈ অলপ পানী,আদা নহৰুৰ পেষ্ট অকণমাণ,নিমখ সোৱাদ অনুযায়ী,অলপমান চেনি,গৰম মছলা আৰু অলপ জলকীয়াৰ গুৰি। গোটেই বস্তুখিনি ভালকৈ মিহলাই পোন্ধৰ মিনিটমানৰ বাবে ভালকৈ উতলিবলৈ দিব ঢাকোন দি। বিলাহী খিনি সিজিলে কোমল হ'লে সেয়া গেছ বাৰ্ণাৰৰ পৰা নমাই দিব আৰু গোটেইখিনি ভালকৈ ব্লেনডাৰ ব্যৱহাৰ কৰি ফেটি ল'ব। ঠিক কেক বনাবলৈ আমি যিদৰে কৰো তেনেকৈ যাতে গোটেইখিনি খুব মৃসণ হৈ যায়। ফটোখন চালে বুজিব গ্ৰেভীখিনি কেনেকুৱা হ'ব লাগে। সেইখিনি কৰি হোৱাৰ পাছতো যদি কিবা থাকি যায় তেন্তে চেকি ল'ব পাৰে।

ইয়াৰ পাছত ব্লেন্ড কৰি লোৱা গ্ৰেভীখিনি পুনৰ গৰম কৰক আৰু তাত ফ্ৰাই কৰি থোৱা চিকেন্ খিনি,অলপ মাখন,অলপ ক্ৰীম,অকণমান কচুৰি মিঠি দি ভালকৈ মিহলাই দহ মিনিট মানলৈ গৰম হ'বলৈ দিব।

So  your butter chicken is ready to serve!
গাৰ্নিচ(garnish) কৰিবলৈ কচুৰি মিঠি অকণমাণ বা ক্ৰীম অলপ ব্যৱহাৰ কৰিব পাৰে।




Comments