Hello everyone...Presenting to you two delicious recipes!
1} || মুৰ্গী মাংসৰ সিদ্ধ ( Boiled chicken) জালুকৰ সৈতে ||
এইবিধ ৰেচিপি বনাবলৈ আমাক লাগিব:
প্ৰয়োজন অনুসৰি মুৰ্গী মাংস(ব্ৰইলাৰ মাংস ও ব্যৱহাৰ কৰিব পাৰে),নহৰু,পিঁয়াজ,
আদা( দুই ইঞ্চি মান),কলা জালুক (গুৰি কৰি ল'ব),আলু দুটা,বিলাহী এটা,নিমখ।
এতিয়া ৰান্ধো আহক:
প্ৰথমে কেৰাহীত পানী অলপ উতলিবলৈ দিব। অলপ উতল আহিলে তাত পিঁয়াজ;নহৰু আৰু আদাৰ পেষ্ট বনাই লৈ সেইখিনি দি দিব। লগতে অকণমান চেনী। তাৰ পাছত মাংসখিনি আৰু কাটি লোৱা আলুখিনি। প্ৰয়োজন অনুসৰি নিমখ দিব আৰু বিলাহী এটা সৰু সৰুকৈ কাটি দিব। বাৰ্ণাৰটো একেবাৰে কম কৰি ঢাকোন দি সিজিবলৈ দিব গোটেইখিনি। পানীৰ পৰিমান টো আপোনাক যিমানখিনি গ্ৰেভী বা জোল লাগে সেই হিচাপত দিব। গোটেইখিনি সিজাৰ পাছত জালুকৰ গুৰিখিনি আৰু নেমুৰ ৰস অলপ চেপি দিব। পোন্ধৰ মিনিটমান তেনেদৰে উতলিবলৈ দি তাৰ পাছত গৰমে গৰমে পৰিৱেশন কৰিব পাৰে ভাতৰ লগত।
এইটো এটা বইল ৰেচিপি; কোনোধৰণৰ অন্য মছলা, তেল বা হালধি ইয়াত ব্যৱহাৰ কৰা নহয়।
2} _কচুগুটি ৰ সৈতে বনোৱা মাছৰ তৰকাৰী_
এইবিধ ৰেচিপি বনাবলৈ আমাক লাগিব:
কচুগুটি, এটা আলু, এটা বিলাহী, গোটা জিৰা, পিয়াঁজ,নহৰু, আদা, তেজপাত, গুৰি মছলাৰ বাবে ধনীয়া গুৰি, জিৰা গুৰি, ফিচ্ কাৰী মাছালা, আদি ব্যৱহাৰ কৰিব পাৰে। নিমখ,হালধি আৰু তেল।
মই পাঁচ টুকুৰা মাছৰ বাবে দুটা কচুগুটি লৈছো। মিডিয়াম চাইজৰ্। টুকুৰা টুকুৰকৈ সৰুকৈ কাটি লৈছো। ঠিক তেনেকৈ আলু কাটি লৈছো। মাছ কেইটুকুৰা প্ৰথমে ৰঙাকৈ ভাজি লৈছো।
তাৰপাছত একেখিনি তেলতেই প্ৰথমে গুটা জিৰা অলপ আৰু পিঁয়াজ নহৰু আদা মিহিকৈ কাটি ভালকৈ ভাজি লৈছো;অকণমান হালধি দিছো আৰু অকণমান চেনী। সেয়া ভাজি হ'লে তাত কচুখিনি আৰু আলুখিনি দি গোটেইখিনি ভালকৈ ভাজি লৈছো। প্ৰয়োজন অনুসৰি নিমখ দিছো। তেতিয়াই বাকী গুৰি মছলা খিনি দি দিছো। তেনেদৰেই অলপ সময় ভাজি লৈ অলপমান পানী দি সিজিবলৈ দিছো ঢাকোন মাৰি।
বাৰ্ণাৰটো একেবাৰে কম কৰি থৈছো। অলপ সময়ৰ পাছত প্ৰয়োজন অনুসৰি পানী দি গোটেইখিনি মিহলাই দিছো আৰু সিজিবলৈ দিছো। মাজে মাজে লৰাই আছো। কচুখিনি সিজিলে অলপ ভাঙি দিছো। তাৰ পাছত আগতেই ভাজি থোৱা মাছখিনি দি অলপ সময় সেইদৰেই থাকিবলৈ দিছো। শেষত অকণমান নেমু চেপি দিব পাৰে।

সুন্দৰ।।
ReplyDeleteThankyou🙂🙂🙂
ReplyDeleteসুন্দৰ
ReplyDelete