Aloo tikka recipe In Assamese

৲Aloo tikka/ আলু টিক্কা৴


  ■ উপকৰণ:
  •আলু।
 •দৈ।
•তেতেলি চাটনি/জেলী।
•পদিনা/ধনিয়া।
•কৰ্ণ ফ্লৰ্।
•বেচন।
•কেঁচা জলকীয়া।
•ৰঙা জলকীয়াৰ গুৰি।
•চেনী।
•গুৰ।
•আদা।
•নিমখ।
•তেল বা ৰিফাইন।
•গুটা জিৰা।



■ প্ৰথমে তেতেলীৰ জেলী বা চাটনি বনাই লওঁ আহক। তাৰ বাবে প্ৰথমে বাচন এটাত পানী দুগিলাচ দি অলপ গৰম হ'বলৈ দি তাতে প্ৰয়োজন অনুসৰি পকা তেতেলীখিনি দি দিছো। লৰাই থাকি অলপ উতলিবলৈ দিছো, প্ৰায় দহ পোন্ধৰ  মিনিট মানৰ পাছত তেতেলীৰ জোল খিনি চেকি লৈছো, গুটি আৰু অনান্যখিনি আঁতৰাই  দিছো। গৰম কেৰাহীত অকণমান তেল বা ৰিফাইন দি সেয়া গৰম হ'লে তাতে গুটা জিৰা অলপ আৰু সামান্য  আদা অলপ বটি দিছোঁ। লৰাই থাকি অলপ পাছত চেকি ৰখা তেতেলীৰ পানী খিনি দি দিছো, অলপ পাছত প্ৰয়োজন অনুসৰি গুৰ দিছো আৰু উতলাই ৰাখিছো। ৰঙা জলকীয়াৰ গুৰি অলপ লগতে অকণমান নিমখ দিছো, সেয়া হৈ গ'লে প্ৰায়  ডাঠ হোৱা যেন হ'লে নমাই ৰাখিছো।


■এতিয়া আহো টিক্কি লৈ, তাৰ বাবে মই আঠটামান মিডিয়াম চাইজৰ আলু সিজাই লৈছো (70%) আলুকেইটা অধিক নিসিজাব। সিজাই লোৱা আলুৰ বাকলি গুচাই ভালকৈ পিটিকি লৈছো, আপুনি পিহনাত পিহি ল'বও পাৰে, বা হাতেৰে পিটিকাৰ দৰে বনাই ল'ব পাৰে। তাতে কেঁচা জলকীয়া সৰুকৈ কাটি দিছো, যদি থাকে ধনীয়া পাত মিহিকৈ কাটি দিব,সৰু চামুচেৰে দুচামুচ কৰ্ন ফ্লৰ্ আৰু অলপ বেচন দি আলুখিনি মঠি লৈছো। মঠি লোৱা আলুখিনি সৰু সৰুকৈ অলপ চেপেটা, অলপ গোল কৰি লৈ ৰিফাইন বা তেলত ফ্ৰাই কৰি লৈছো ভালকৈ। টিক্কা প্ৰায় হৈ গৈছে।

বাটি এটাত দৈ অলপ লৈ এচামুচ চেনী মিলাই ভালকৈ মিলাই লৈছো, পদিনা বা ধনীয়াৰ চাটনি বা পেষ্ট বনাই লৈছো। এতিয়া প্লেট্ এখনত টিক্কা কেইটা ৰাখি তাৰ উপৰত দৈ অলপ, অলপ তেতেলিৰ চাটনি,অলপ পদিনা বা ধনীয়াৰ চাটনি দি দিছো, লগতে ওপৰত ভুজিয়া থাকিলে দি দিব, দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও।

ফটোকেইখন  চালে ভালকৈ বুজি পাব। বনাই,খায় কেনেকুৱা পালে জনাবলৈ নাপাহৰিব🙂

Comments

  1. সোনকালে নিমন্ত্ৰণ এটা দিবা আৰু

    ReplyDelete
  2. খাবলৈ মাতিবা

    ReplyDelete
  3. Khuwaba , dekhuwale nhb bonai okol,seems tasty

    ReplyDelete
  4. নিশ্চয়, অশেষ ধন্যবাদ 🌸🌸

    ReplyDelete

Post a Comment